Privacy Policy - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Privacy Policy

সংবাদ প্ৰহৰী, নং ১ অসমীয়া ৱেবমিডিয়া
পাতনি : সত্য আৰু ন্যায়ৰ সপক্ষে কেৱল অসমীয়া ভাষাত প্ৰতিটো সংবাদ, সবাতোকৈ আগত পাঠক সমাজৰ আগত দাঙি ধৰাৰ উদ্দেশ্য আগত ৰাখি Save Media Solution (A Unit of SAVE)ৰ দ্বাৰা পৰিচালিত প্ৰথমটো ৱেবমিডিয়া হৈছে সংবাদ প্ৰহৰী৷ বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত ইণ্টাৰনেট জগতত অসমীয়া ভাষাৰ প্ৰচলন তেনেই কম৷ সেয়ে ইণ্টাৰনেট জগতত অসমীয়া ভাষাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যাতে ফেৰ মাৰিব পাৰে আৰু পাঠক সমাজে যাতে অতি সহজে কেৱল অসমীয়া ভাষাত দ্ৰুত গতিত প্ৰতিটো সংবাদ সত্যনিষ্ঠভাৱে লাভ কৰিব পাৰে, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিয়েই সম্পূৰ্ণ ব্যতিক্ৰমী চিন্তা-ধাৰাৰে সাপ্তাহিক ‘সংবাদ প্ৰহৰী’ ৱেবমিডিয়াৰ জন্ম হয়৷

শ্বেয়াৰ/দান-বৰঙণি : ‘সংবাদ প্ৰহৰী’ ৱেবমিডিয়া সম্পূৰ্ণ সত্য আৰু ন্যায়ৰ পক্ষত আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ বাবে প্ৰতিজ্ঞাৱদ্ধ আৰু এই ৱেবমিডিয়া ভিন্ন শাখাযুক্ত সংস্থা SAVEৰ এটি শাখা আৰু Save Media Solutionৰ দ্বাৰা পৰিচালিত৷ Save Media Solutionৰ মালিকানাধীন এই ৱেবমিডিয়া চলাই নিয়াৰ বাবে বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ পৰা দান-বৰঙণি হিচাপে আৰ্থিক সাহায্য গ্ৰহণ কৰা হয়৷ দান-বৰঙিণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো ব্যক্তিক কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নহ’ব৷ দানকাৰী ব্যক্তিয়ে স্ব-ইচ্ছাই ‘সংবাদ প্ৰহৰী’লৈ দান-বৰঙণি আগবঢ়াব পাৰিব৷
তদুপৰি ব্যৱসায় ভিত্তিত সক্ষম লোকৰ পৰা মূলধন অনুপাতে লাভ্যাংশ তথা লোকচান বিতৰণৰ প্ৰতিশ্ৰুতিৰে ‘শ্বেয়াৰ’ হিচাপে ধন গ্ৰহণ কৰা হয়৷
  • শ্বেয়াৰৰ মূল্য নূন্যতম ০,০০০.০০ (পঞ্চাছ হাজাৰ) টকাৰ পৰা সৰ্বাধিক ১০,০০,০০০.০০ (দহ লাখ) টকালৈ৷
  • শ্বেয়াৰ গ্ৰহণকাৰী তথা ভাগীদাৰসকল কেৱল ‘সংবাদ প্ৰহৰী’ৰ ৱেবমিডিয়াৰ সৈতেহে চুক্তিৱদ্ধ হ’ব৷
  • প্ৰতি বছৰৰ জানুৱাৰী মাহৰ ৫ তাৰিখে অনুষ্ঠিত ‘সংবাদ প্ৰহৰী’ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিশেষ হিচাপ-নিকাচ সভাৰ জৰিয়তেহে শ্বেয়াৰৰ লাভ-লোকচান হিচাপ আৰু বিতৰণ কৰা হ’ব৷
পৃষ্ঠাসমূহৰ বিৱৰণ : ‘সংবাদ প্ৰহৰী’ৰ এই ৱেবমিডিয়াত বিভিন্ন শিতানৰ বা-বাতৰি, লিখনি আদি ৱেবপৃষ্ঠাত ছপা আৰু ভিডিঅ’ আকাৰে প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে৷
সম্পাদকীয় : সময়ৰ সৈতে খাপ-খুৱাই যিকোনো প্ৰৱন্ধ, আলোচনা-সমালোচনামূলক লিখনিসমূহৰ এক গুৰুত্বপূৰ্ণ পৃষ্ঠা৷
মুক্ত সংবাদ : সংবাদ প্ৰহৰীৰ স্বীকৃতিপ্ৰাপ্ত সংবাদদাতাৰ বাহিৰে ইচ্ছ্যুক ব্যক্তিয়ে প্ৰেৰণ কৰা সংবাদ তথা বিভিন্ন সমস্যা, চুটি আলোচনা-সমালোচনাসমূহক লৈ লিখা লিখনিৰ এক পৃষ্ঠা৷
আঞ্চলিক : অসমৰ প্ৰতিটো অঞ্চল তথা চুক-কোণৰ বা-বাতৰিৰ এক পৃষ্ঠা৷
দেশ-বিদেশ : অসমৰ বাহিৰৰ অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ লগতে বিশ্বৰ সকলো দেশৰ যিকোনো চৰ্চিত তথা গুৰুত্বপূৰ্ণ বা-বাতৰিৰ এক পৃষ্ঠা৷
ক্ৰীড়া : ক্ৰীড়া জগতৰ যিকোনো বা-বাতৰি/লিখনি এই পৃষ্ঠাত উপলব্ধ৷
মনোৰঞ্জন : হলিউড, বলিউড, জলিউড, কলিউড, ঢালিউডকে ধৰি অভিনয়, চিনেমা, নাট্য, ফেশ্বন, থিয়েটাৰ আদি কৰি মনোৰঞ্জন জগতৰ যিকোনো বা-বাতৰি/লিখনিৰে ভৰপূৰ এই পৃষ্ঠা৷
ব্যৱসায়-বাণিজ্য : ৰাজ্যৰ লগতে দেশ-বিদেশৰ ব্যৱসায় আৰু বাণিজ্য জগতৰ যিকোনো বা-বাতৰি/লিখনি এই পৃষ্ঠাত উপলব্ধ৷
নিয়োগ সংবাদ : ৰাজ্যৰ লগতে দেশ-বিদেশৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ জাননী তথা বা-বাতৰি এই পৃষ্ঠাত উপলব্ধ৷
বিজ্ঞান-প্ৰযুক্তি : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা জগতৰ যিকোনো বা-বাতৰি/লিখনিৰ বাবে এই পৃষ্ঠা৷
গেলাৰী : বিভিন্ন শিতানৰ বা-বাতৰি সম্পৰ্কীয় ভিডিঅ’ ক্লীপ, সংবাদ প্ৰহৰীয়ে গ্ৰহণ কৰা সাক্ষাৎকাৰৰ ভিডিঅ’, দুৰ্নীতি- অপৰাধ জনিত ঘটনাৰ অনুসন্ধানমূলক ভিডিঅ’ৰ লগতে বিভিন্ন শিতানৰ বা-বাতৰি প্ৰচাৰ কৰাৰ বাবে প্ৰতিদিনেই নিৰ্দিষ্ট এটা সময়ত আপলোড কৰা ‘দিনটোৰ সংবাদ’ ভিডিঅ’সমূহ ‘ভিডিঅ’ গেলাৰী’ পৃষ্ঠাৰ অন্তৰ্ভূক্ত৷ একেদৰে বিভিন্ন ক্ষেত্ৰৰ কোৱল ফটোৰ বাবে ‘ফটো গেলাৰী’ আৰু প্ৰতিদিনেই বিশেষ চৰ্চিত বিষয়ৰ ওপৰত অংকণ কৰা দিনটোৰ কাৰ্টুন হিচাপে ‘কাৰ্টুন’ পৃষ্ঠা গেলাৰী শিতানৰ অন্তৰ্ভূক্ত৷ 
সাহিত্য : অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি এই শিতানত যিকোনো লোকে প্ৰেৰণ কৰা গল্প, চুটি গল্প, উপন্যাস, কৌতুক আদি কৰি অসমীয়া সাহিত্য জগতৰ লগত সংলগ্ন প্ৰতিটো বিষয়ৰ আন এক গুৰুত্বপূৰ্ণ পৃষ্ঠা৷
বিবিধ : ‘বিশেষ পৃষ্ঠা’ শিতানত স্বাস্থ্য সম্পৰ্কীয় যিকোনো বা-বাতৰি, লিখনিৰ বাবে ‘স্বাস্থ্য’, নাৰীসকলৰ বাবে সুকীয়া যিকোনো লিখিনৰ বাবে ‘নাৰী’, বিভিন্ন পদ্ধতি অৱলম্বন কৰি নিজে স্বাৱলম্বী হোৱা লোকৰ কাহিনী, বৈশিষ্ট আদি সামৰি ‘স্বাৱলম্বন’, বাক্ স্বাধীনতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি যিকোনো চৰ্চিত তথা আলোচ্য বিষয়ৰ ওপৰত মুকলি মতামত বিচাৰি সকলো লোকে লিখিব পৰাকৈ ‘মুক্তকণ্ঠ’, বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ, আদৰ্শৱান ব্যক্তিৰ সৈতে ‘সংবাদ প্ৰহৰী’ৰ তৰফৰ পৰা গ্ৰহণ কৰা সাক্ষাৎকাৰত আলোচনা কৰা বিষয়ক লৈ ‘সাক্ষাৎকাৰ’, বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ, আদৰ্শৱান ব্যক্তিৰ জীৱন আৰু আদৰ্শৰ ওপৰত লিখা চমু জীৱনী তথা লিখনিসমূহৰ বাবে ‘ব্যক্তি-ব্যক্তিত্ব’ অন্যতম পৃষ্ঠা৷
অন্যান্য : প্ৰকৃতিৰ ওপৰত লিখা লিখনিক সামৰি ‘প্ৰকৃতি’,  বিভিন্ন ক্ষেত্ৰৰ যিকোনো শিক্ষামূলক লিখনি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ চমু বিৱৰণীক লৈ ‘শিক্ষা-শিক্ষানুষ্ঠান’, বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ লিখনিসমূহৰ বাবে  ‘ধৰ্ম-দৰ্শন’, অসমৰ বিভিন্ন অঞ্চলৰ গাঁও নাইবা নগৰ আদিৰ বিভিন্ন দিশ সন্দৰ্ভত লিখা লিখনিৰ বাবে ‘আমাৰ গাঁও-আমাৰ নগৰ’ পৃষ্ঠাসমূহ আন আন শিতানৰ অন্তৰ্ভুক্ত কৰা হৈছে৷

সংবাদ সংগ্ৰহ : অসমৰ বিভিন্ন অঞ্চলত ‘সংবাদ প্ৰহৰী’ৰ তৰফৰ পৰা স্থানীয় সংবদাতা হিচাপে সাংবাদিক নিয়োগ কৰা হৈছে৷ প্ৰশিক্ষণপ্ৰাপ্ত স্থানীয় সংবাদদাতাসকলে প্ৰতিটো মুহূৰ্তৰ বা-বাতৰি আমালৈ প্ৰেৰণ কৰিব আৰু যিমান সম্ভৱ সেই সংবাদসমূহ দ্ৰুত গতিত আমি পাঠক সমাজৰ মাজত দাঙি ধৰিম৷ তদুপৰি বিভিন্ন সংবাদ সংস্থা, সংবাদ গোষ্ঠীৰ সহযোগত বা-বাতৰি, বিভিন্ন লিখনি আদি কেৱল অসমীয়া ভাষাত এই ৱেবমিডিয়াৰ জৰিয়তে প্ৰকাশ কৰা হব৷

সংবাদ প্ৰেৰণৰ ব্যৱস্থা : ‘সংবাদ প্ৰহৰী’ৰ স্বীকৃতিপ্ৰাপ্ত সংবাদদাতাসকেল নিয়মানুসৰি সংবাদ প্ৰেৰণ কৰিব যদিও এই ৱেবমিডিয়াত যিকোনো লোকেই সংবাদ, লিখনি, ভিডিঅ’, ফটো আদি প্ৰেৰণ কৰিব পাৰিব৷ সংবাদ প্ৰহৰীৰ স্বীকৃতিপ্ৰাপ্ত সংবাদদাতাৰ বাহিৰে ইচ্ছ্যুক ব্যক্তিয়ে আমাৰ ‘যোগাযোগ’ পৃষ্ঠাত উল্লেখ কৰা কাৰ্যালয়ৰ ঠিকনাত নাইবা মোবাইল/ফোন নম্বৰত যোগাযোগ কৰাৰ লগতে হোৱাটছ আপ, ই-মেইল আদিৰ জৰিয়তেও আমালৈ সংবাদ, লিখনি, ভিডিঅ’, ফটো আদি প্ৰেৰণ কৰিব৷

এজেন্সী : ‘সংবাদ প্ৰহৰী’ গোষ্ঠীয়ে কেৱল ৱেবমিডিয়া হিচাপেই নহয়, আন আন সংবাদ গোষ্ঠীৰ হৈ নিউজ অথবা ফটো এজেন্সী হিচাপে কাম কৰি আছে৷ কোনো সংবাদ গোষ্ঠীয়ে ‘সংবাদ প্ৰহৰী’ৰ নিউজ অথবা ফটো এজেন্সী সেৱা লাভ কৰিব বিচাৰিলে ‘সংবাদ প্ৰহৰী’ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ ‘সংবাদ প্ৰহৰী’ৰ নিউজ অথবা ফটো এজেন্সীৰ সেৱা আগবঢ়োৱা সংবাদ গোষ্ঠীৰ জ্ঞাতাৰ্থে উল্লেখ থাকে যে উক্ত সংবাদ গোষ্ঠীটোৱে ‘সংবাদ প্ৰহৰী’ৰ পৰা লোৱা সংবাদ, ভিডিঅ’, ফটোসমূহ (বিশেষকৈ অসমৰ বিভিন্ন শিতানৰ বা-বাতৰি) প্ৰকাশ তথা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ‘সংবাদ প্ৰহৰী’ বুলি উল্লেখ কৰাটো বাধ্যতামূলক৷

কপিৰাইট : ‘সংবাদ প্ৰহৰী’ৰ নিউজ অথবা ফটো এজেন্সী হিচাপে সেৱা আগনবঢ়োৱা কোনো সংবাদ গোষ্ঠী/মাধ্যম, লোকে এই ৱেবপৃষ্ঠাৰ পৰা যিকোনো বা-বাতৰি, লিখনি, ভিডিঅ’, ফটো আদি ‘সংবাদ প্ৰহৰী’ৰ অনুমতি নোহোৱাকৈ ব্যৱহাৰ কৰিলে ভাৰতীয় কপিৰাইট (সংশোধনী) আইন - ২০১২ ভংগ হ’ব৷ এনে ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে এই আইন ভংগকাৰীসকলৰ বিৰুদ্ধে ‘সংবাদ প্ৰহৰী’য়েও আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব৷

বিজ্ঞাপন : ‘সংবাদ প্ৰহৰী’ৰ এই ৱেবপৃষ্ঠাত বিজ্ঞাপন প্ৰচাৰ কৰা হয়৷ Google, Third Party of Website Advertise Agency, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিবলগীয়া Tenderকে ধৰি বিভিন্ন ধৰণৰ বিজ্ঞাপন আদি তেওঁলোকৰ নিৰিখ অনুযায়ী প্ৰচাৰ হয়৷ কিন্তু ব্যক্তিগত কোনো লোক, অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বিভিন্ন ধৰণৰ বিজ্ঞাপন নিৰ্ধাৰিত আকাৰ আৰু সময় অনুপাতে ‘বিজ্ঞাপন’ পৃষ্ঠাত উল্লেখ কৰা নিৰিখ অনুসৰিহে প্ৰচাৰ কৰা হয়৷

গোচৰ/আইনী ব্যৱস্থা : ‘সংবাদ প্ৰহৰী’ৰ ৱেবপৃষ্ঠাত প্ৰকাশিত কোনো বা-বাতৰি, লিখনি, ভিডিঅ’, ফটো আদি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কোনো লোকক ব্যক্তিগতভাৱে মান হানি কৰাটো ‘সংবাদ প্ৰহৰী’ৰ কোনো উদ্দেশ্য নহয়৷ অৱশ্যে এটা সংবাদ গোষ্ঠী হিচাপে ভাৰতীয় আইনৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা জনাই সত্য আৰু ন্যায়ৰ সপক্ষে নিজৰ ক্ষমতাৰে যুঁজ দিব৷ তথাপিতো কোনোধৰণৰ গোচৰ পঞ্জীয়ন কৰিলেও সেয়া বৰপেটা আদালতৰ অধীনতহে ৰুজু হ’ব লাগিব৷ ইপিনে ‘সংবাদ প্ৰহৰী’ৰ নিউজ অথবা ফটো এজেন্সী হিচাপে সেৱা আগনবঢ়োৱা কোনো সংবাদ গোষ্ঠী/মাধ্যম, লোকে এই ৱেবপৃষ্ঠাৰ পৰা যিকোনো বা-বাতৰি, লিখনি, ভিডিঅ’, ফটো আদি ‘সংবাদ প্ৰহৰী’ৰ অনুমতি নোহোৱাকৈ ব্যৱহাৰ কৰিলে আৰু ‘ৰাইজৰ সংবাদ’ পৃষ্ঠাত প্ৰকাশ পোৱা বা-বাতৰি, লিখনি, ভিডিঅ’, ফটো প্ৰকাশ পালে তেনে ক্ষেত্ৰত ‘সংবাদ প্ৰহৰী’ জগৰীয়া নহয়৷

1 comment:

SPONSORED