ভুৱা ফটো প্ৰচাৰ ঃ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ বিৰুদ্ধে ফেচবুক আন্দোলন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 12, 2016

ভুৱা ফটো প্ৰচাৰ ঃ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ বিৰুদ্ধে ফেচবুক আন্দোলন

http://asomiyapratidin.in/?date=11%2F07%2F2016&cat=

সংবাদ প্ৰহৰী, ১২ জুলাই ঃ ভাৰতবৰ্ষৰ সমান্তৰালকৈ অসমৰ একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে বিভিন্ন সময়ত ভুৱা বাতৰি প্ৰচাৰৰ পৰা আৰম্ভ কৰি ইয়াৰ নিৰপেক্ষতাৰ প্ৰতিও প্ৰায়ে প্ৰশ্নৰ অৱতাৰণা হৈ আহিছে৷ কেতিয়াবা কেতিয়াবা এই সংবাদ মাধ্যমৰেই একাংশই আকৌ বিভিন্ন ৰাজনৈতিক দলৰ পকেটত উঠাৰো অভিযোগ সঘনাই উত্থাপিত হৈ আহিছে৷ আনকি ৰাজ্যখনত বিভিন্ন সময়ত সংঘটিত হৈ যোৱা ভাতৃঘাতী সংঘাতৰ মূল নায়কৰ ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে আছে৷ কিয়নো  গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমে যদি এনেদৰে তথ্যবিহীন ভাবে আৰু বাতৰিৰ গুৰাৰ্থ অধ্যয়ন নকৰাকৈ বাতৰি পৰিৱেশন কৰি পাঠক সমাজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে তেন্তে তেনে সংবাদ মাধ্যম সম্পৰ্কত পাঠক সমাজকে ধৰি বিভিন্ন মহল ক্ষোভিত হৈ উঠাৰ লগতে সংবাদ মাধ্যমৰ প্ৰতি থকা আস্থা হেৰাই যোৱাটো স্বাভাৱিক৷ শেহতীয়াকৈ বিশিষ্ট ইছলামিক চিন্তাবিদ ড. জাকিৰ নাইকক লৈ দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাংশ সংবাদ মাধ্যমে দেশবাসীৰ মাজত যি আউলৰ সৃষ্টি কৰিছে, ঠিক একে পথ গতি কৰিছে ৰাজ্যখনৰ বহু প্ৰচলিত ‘অসমীয়া প্ৰতিদিন’ নামৰ কাকতখনে৷ উল্লেখ্য যে যোৱা ১১ জুলাইত প্ৰকাশিত ‘অসমীয়া প্ৰতিদিন’ কাকতে ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে ২০১৪ চনত হায়দৰাবাদৰ ছোৱালী স্কুল এখনত আয়োজন কৰা আত্মৰক্ষাৰ প্ৰশিক্ষণৰ কাৰ্যসূচীৰ এটা ফটো প্ৰথমপৃষ্ঠাত

https://www.google.co.in/search?q=vovinam%20in%20hyderabad&source=lnms&tbm=isch&sa=X&ved=0ahUKEwiF06q04OzNAhUCoZQKHf1QBQsQ_AUICigD&biw=1366&bih=643

বৃহৎ আকাৰেৰে জেহাদী প্ৰশিক্ষণৰ ফটো ৰূপে প্ৰচাৰ কৰে৷ কাততখনে এনেদৰে ভুৱা বাতিৰ প্ৰচাৰ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে জনপ্ৰিয় ছ’ছিয়েল নেটৱৰ্ক  Facebook ত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ লগতে এনে একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে উঠা প্ৰতিবাদৰ এক বিশেষ প্ৰতিবেদনঃ- 
Achintya Roy :
অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক আৰু প্ৰথম পৃষ্ঠাৰ এই ভুৱা ফটোৰে বাতৰি যুগুতোৱা সাংবাদিকগৰাকীৰ ওপৰত আইনী ব্যৱস্হা লোৱা হওঁক,অথবা মাৰ্চিয়েল আৰ্ট বিসাৰদা,কাকতখনে জেহাদি বুলি প্ৰচাৰ কৰা এই ছোৱালীজনীৰ লাঠ ঘোচা খাবলৈ তাইৰ হাতত দুয়োকে এৰি দিয়া যাওঁক! ৰাষ্ট্ৰীয় কন্যা দিৱস উপলখ্যে হায়দৰাবাদৰ ছোৱালী স্কুল এখনত আয়োজন কৰা আত্মৰক্ষাৰ প্ৰশিক্ষণৰ কাৰ্যসূচীৰ এই ফটোখনক জেহাদী প্ৰশিক্ষণৰ ফটো ৰূপে প্ৰচাৰ কৰাৰ আৰত কিবা গভীৰ অসম বিৰোধী অভিসন্ধিও থাকিব পাৰে৷ কাকতখনৰ পাঠক ৰাইজ সচেতন থকা দৰকাৰ বাতৰি পঢ়োতে৷
Shajahan Ali Ahmed : 
কালি অসমীয়া প্ৰতিদিন নামৰ বাতৰি কাকতখন পঢ়ি ইমান ঘৃণা জন্মিছে যে আজিও কাকতখন হাতত ল’বলৈকে ইচ্ছা যোৱা নাই৷ সস্তিয়া জনপ্ৰিয়তা আৰু একাংশ মানুহৰ বাহঃ বাহঃ লোৱাৰ বাবে তেওঁলোকে সাধাৰণ এখন ফটোক জেহাদৰ ফটো বুলি প্ৰকাশ কৰিলে৷ তেওঁলোকে চৰ-চাপৰিৰ কথা কৈছে, প্ৰশ্ন হ’ল চৰ-চাপৰিত যোৱাৰ বাবে পৰাগ কুমাৰ দাসৰ দৰে সতসাহস আছে নে প্ৰতিদিনৰ সেই মুখাপিন্ধা সাংবাদিকজনৰ ?? চৰ-চাপৰিৰ মানুহৰ দুৰ্গতিৰ বাতৰি কিমানটা প্ৰকাশ কৰিছে তেওঁলোকে? কিমানটা বিদ্যালয় স্থাপন কৰাৰ দাবীক লৈ বাতৰি প্ৰকাশ কৰিছে তেওঁলোকে ? কিমানখন চিকিত্সালয় স্থাপন কৰাৰ বাবে উত্থাপিত চৰৰ দাবীক লৈ বাতৰি প্ৰকাশ কৰিছে তেওঁলোকে? নে মাথো চৰ-চাপৰিক বদনাম কৰাৰ বাবে সদাপ্ৰস্তুত তেওঁলোক ?????
 
Imran Najir :
 হায়'ৰে মিডিয়া , আপোনালোকে কৰ পৰা বাতৰি পায় আপোনালোকে মানুহৰ মাজত হিংসা-ভয়-বিভ্ৰান্তি এইবোৰ কিয় বিয়পাই আছে - আপোনালোকক লাহে-লাহে কোনেও দেখুন বিশ্বাস নকৰি ! 
Hafiz Ahmed :
Journalism?or spreading communal venom? Protest against yellow journalism.

Aman Wadud :
Hyderabad School girls performs martial arts on National Girl Child Day.But best selling Assamese Newspaper "Axomiya Protidin" portrays them as Jehadis. Mental depravity hits new low.

Assam vision :
অসমীয়া প্ৰতিদিন‬ কাকতৰ জঘন্য কাণ্ড । ২০১৪ চনত আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা হাইদৰাবাদৰ এখন ছোৱালী স্কুলত মুছলিম ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হৈছিল ছাত্ৰী সকলৰ আত্মৰক্ষাৰ বাবে শাৰীৰিক অনুশীলন । আৰু সেই মুছলিম ছাত্ৰী সকলৰ আত্মৰক্ষাৰ শাৰীৰিক অনুশীলনৰ ফটো সমূহ Google ত ইতিমধ্যেই উপলব্ধ । আৰু YouTube ত উপলব্ধ ছাত্ৰী সকলৰ সেই অনুশীলনৰ ফটোক অসমীয়া প্ৰতিদিন কাকতত যোৱাকালি (11-7-2016 ) জেহাদী সদস্যৰ প্ৰশিক্ষণৰ ফটো বুলি প্ৰকাশ । প্ৰতিদিন কাকতৰ এনেধৰণৰ ভয়াৱহ কাণ্ডত মুছলমান সমাজৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি ।
প্ৰশ্ন হয় মিছা খবৰ প্ৰকাশ কৰি এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে সন্দেহ তথা ঘৃণাৰ ভাব বিয়পাবলৈ এই তথাকথিত ভণ্ড সংবাদ মাধ্যম সমূহে কত অধিকাৰ পালে ?
 
Bazlul Basit Choudhury : :
This is shameful, and against the ethics of Jurnalism. ‪#‎Stop_Pratidin‬. Dont try to Target any Community, Consecuence will not be good. Shame Shame Pratidin Daily News Paper Hyderabad School girls performs martial arts on National Girl Child Day. But Assamese Newspaper "Axomiya Protidin" portrays them as Jehadis taking training in Assam.
Shabnam Choudhury :
" চৰে চৰে মৌলবাদী জেহাদীৰ জাল " অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পেজত ডাঙৰ ডাঙৰ হৰফেৰে ফটো সম্বলিত 11/07/2016 তাৰিখত এই জঘন্য মানসিকতাৰ বাতৰি প্ৰকাশ কৰে ৷ আচৰিত কথাটি হ'ল চৰাঞ্চলৰ যিটো ফটো প্ৰকাশ কৰিছে সেই ফটোখন অসমৰ বায়ু পানীৰ সৈতে কোনো সম্পৰ্ক নাই ৷ এগৰাকী নাৰীয়ে বাঁহৰ এচাৰিৰে সমৰ কলাৰ প্ৰশিক্ষণ দি আছে ৷ কাৰ হেঁচাত কিহৰ তাগিদাত এনেকুৱা ভুৱা তথ্য সম্বলিত বাতৰি প্ৰচাৰ কৰি মুছলমানক মানসিক অত্যাচাৰ চলাইছে ৷ এগৰাকী নাৰীয়ে পেটৰ ক্ষুদা নিবাৰণৰ বাবে , জীৱন ৰক্ষাৰ বাবে সতীত্ব পাহৰি বেশ্যা হ'বলৈ বাধ্য হয় ৷ কিন্তু সমাজৰ অন্যায়-অবিচাৰৰ প্ৰতিবাদ কৰি ন্যায় দিয়া বৃত্তি ( সাংবাদিকতা) হাতত লৈ বিবেক বুদ্ধিক বন্ধকত থৈ, গণতন্ত্ৰৰ চতুৰ্থ স্থম্ভক কবৰস্থ কৰি, নিজ সতীত্বক বেশ্যা বজাৰত নিলাম কৰে কিহৰ মায়াত ? কাৰ প্ৰৰোচনাত? এটা নিৰীহ 
জাতিক বলিৰ পঠা সজাই টি আৰ পি বঢ়াই সন্ত্ৰাসৰ জাল মেলি দিছে কোনে ! 

আমি পাহৰি যোৱা নাই 2008 চনৰ এলানি বোমা বিষ্ফুৰণৰ কথা, এইখন কাকতেই এয়া বাংলাদেশী জেহাদীৰ কাৰ্যকলাব বুলি মুলুকজুৰি খলকনি তুলিছিল ৷ কিন্তু এসপ্তাহৰ ভিতৰতে প্ৰমাণ হৈ গ'ল ৰঞ্জন দৈমাৰীৰ কুকীৰ্তি আছিল সেয়া ৷ "অসমীয়া প্ৰতিদিন" নামৰ বাতৰি কাকতখনে প্ৰায়ে জেহাদী, হুজী,মৌলবাদী, বাংলাদেশী,কাজিৰঙা বাংলাদেশীৰ কবলত আদি ন ন কৌশলৰ বাতৰি পৰিবেশন কৰে ৷ প্ৰশ্ন হয় কাকতৰ সম্পাদক হাইদৰ হুছেইন ডাঙৰীয়াই অমুছলিম সম্প্ৰদায়ক ভালৰি লগাবলৈ অথবা নিজৰ চাকৰি বচাবলৈ মুছলমানক তাচ্চিল্য কৰি বাতৰি প্ৰকাশ কৰে নে কি ?যিটো কাম আন অমুছলিম সাংবাদিকেও কৰিবলৈ লজ্জাবোধ কৰিছে কিন্তু তেখেতেৰ কাকতে সহজে অপবাদ দি গৈছে মুছলমানক ৷ আৰক্ষী প্ৰশাসনৰ হাতত অসমত জেহাদী থকাৰ তথ্য নাই, তেন্তে "প্ৰতিদিন কাকত"খনে চৰে চৰে ,মাদ্ৰাছা - মছজিদে জেহাদী থকা তথ্য ক'ত পালে ৷ প্ৰমাণ দিয়ক ৷ আৰু যদি দিব নোৱাৰে তেন্তে মুছলমান সন্ত্ৰস্ত কৰাৰ বাবে "অসমীয়া প্ৰতিদিন" কাকতো এখন সন্ত্ৰাসবাদী সংগঠন ৷ নিৰীহ লোকক সন্ত্ৰস্ত কৰাৰ বাবে এই কাকতখন সকলোৱে বৰ্জন কৰা উচিত ৷ ধৰ্ম নিৰপেক্ষ ব্যক্তিসকলৰ বাবে এই কাকতখন অভিশাপ ,সভ্য সমাজৰ ব্যাধি ৷ শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি বেশ্যামি ( সাংবাদিকতা ) কৰাত কৈ নিজ চকুৰে ভিতৰুৱা গাঁও আৰু চৰাঞ্চল ভ্ৰমণ কৰি কঠোৰ পৰিশ্ৰমৰ ফলত গালৰ হনু জাগি উঠা, খাদ্যৰ অভাৱত কামিহাড় ওলোৱা,শিক্ষাৰ অভাৱত অন্ধ বিশ্বাসৰ চিকাৰ হোৱা,অৰ্থৰ অভাৱত ফটা কাপোৰ কিনা সকলৰ হৈ নিৰপেক্ষ বাতৰি পৰিবেশন কৰক ৷ যিবিলাক অঞ্চলত বিজুলীৰ পোহৰই দেখা নাই,সেই বোৰ অঞ্চলত হোৱাটছএপ, ফেচবুকৰে জেহাদী কাৰ্য চলোৱা মানে মঙ্গল গ্ৰহত নিগনি মৰা ঔষধ বিক্ৰি কৰিবলৈ যোৱা একে কথা ৷ বিশ্ব বাণিজ্য সংস্থা আমেৰিকাই নিজেই ধংস কৰাৰ পিছত মিডিয়াই ইমান ভুৱা প্ৰচাৰ কৰিলে যে পানী কেঁচুৱা দাড়ি আৰু এটা বগা পাগুৰী মৰা মানুহ দেখিলে কয় - " চোৱা চোৱা মা সৌৱা লাডেন গৈ আছে ৷ " আজি লৈকে নিৰীহ লোকৰ বিৰুদ্ধে মিডিয়াই যিমান পানী ঘোলা কৰিছে সেয়া সত্য বুলি প্ৰমাণ কৰি দেখুৱাব লাগে আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেন্তে বেশ্যামিৰ ব্যৱসায় নিষিদ্ধ কৰি ভণ্ড কুবুদ্ধিজীৱি সকলক জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে ৷
এই video খন চাওকছোন ।ভিয়েটনামত অনুষ্ঠিত vovinom নামৰ এক সমৰকলা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয় মুছলমান মহিলাৰ ফুটেজ এইয়া ।কিন্ত কি আশ্চৰ্যকৰ চাওক যোৱাকালি অসমীয়া প্ৰতিদিন নামৰ বেচা যোৱা কাকতখনে ডাঙৰ ডাঙৰ হৰফেৰে একেবাৰে প্ৰথম পৃষ্ঠাত প্ৰচাৰ কৰিলে যে এইটো অসমৰ চৰ অন্চলৰ মাদ্ৰাছাসমূহত দিয়া জিহাদী প্ৰশিক্ষণ হেনো।এতিয়া বুজিবলৈ কি বাকী থাকিল যে মিডিয়া নামৰ এই ভুতবোৰ কাৰ পকেটত আৰু কাৰ নিৰ্দেশত চলি আছে?গতিকে এই post টো যিমান পাৰে share কৰক আৰু অসমৰ বেশ্যা মিডিয়াৰ আচল ৰূপ ৰাইজৰ ওচৰত দাঙি ধৰক।কিয়নো এনেকুৱা মিছা বাতৰিয়ে অসমৰ সমাজ জীৱনৰ এক্য আৰু সংহতি যে বিনষ্ট কৰিব সেইয়া কিন্তু খাটাং।(plse see the video)
হায়দৰাবাদৰ এখন স্কুলৰ ছাত্ৰীসকলে Vovinam বুলি ভিয়েটনামৰ এক সমৰকলাৰ প্ৰদৰ্শন কৰিছিল স্কুলত কিবা এক উপলক্ষ্যত। আজিৰ সংখ্যা অসমীয়া প্ৰতিদিনত প্ৰথম পৃষ্ঠাতে এখন ফটো ছপাইছে - সেই ফটোখন বোলে জেহাদী সদস্যৰ প্ৰশিক্ষণৰ ফটো। ফটো বাদ, তলত লিংক এটা দিছোঁ, ডাইৰেক্ট ভিডিঅ'টোৱেই চাই লওক। অসমৰ সমান 'জেহাদী'ৰ বাতৰি চাগৈ গোটেই বিশ্বতে নোলাব। 
Shafi Ahmed :
1/ অসমত জেহাদী প্ৰৱেশৰ তথ্য নাই আৰক্ষীৰ হাতত !
2/ অসমত জেহাদী প্ৰৱেশৰ তথ্য আছে অসমীয়া প্ৰতিদিন কাকতৰ হাতত
কোন সচাঁ ,কোন মিছা ?
http://www.niyomiyabarta.org/12072016/index.php


Abdur Rahman Raihani :
Oxomiya protidin News paper khonok Ami Dhikkar Disu. Ei news paper khon Hoday muslim Birudhi Ba mon gora News Published kore. Eyar biruddhe protibad koribo lage. Logote ei news Pepar khonok Ban koribo lage. News paper khone Muslimor biruddhe koi koi gosot uthi goise. Eyak tani Nomai dibo lage. Faltu Protidin News paper. 
Hassinur Alom :
"অসমীয়া প্ৰতিদিন" কাকত খনত এটা সময়ত ময়ো সাংবাদিকতা কৰিছিলো ৷ কাকত খনে অতিৰঞ্জিতভাৱে বাতৰি পৰিৱেশন কৰে সেয়া সাংবাদিকতা কৰাৰ বহু আগৰে পৰাই শুনি আহিছিলো ৷ কাকত খনে যে একপক্ষীয়ভাৱে বাতৰি পৰিৱেশন কৰে সেয়া বহুতেই মোয কয় ৷ কিন্তু কাকতখনে ইমান ভয়ংকৰ ভুল তথ্য আৰু হালধীয়া সাংবাদিকতাৰে কাৰোবাৰ পকেটত সোমাই কাম কৰে বুলি সেয়া জনা নাছিলো ৷ হায়দৰাবাদৰ এখন স্কুলৰ ছাত্ৰীসকলে Vovinam বুলি ভিয়েটনামৰ এক সমৰকলাৰ প্ৰদৰ্শন কৰিছিল স্কুলত ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে। কালিৰ সংখ্যা অসমীয়া প্ৰতিদিনত প্ৰথম পৃষ্ঠাতে এখন ফটো ছপাইছে - সেই ফটোখন বোলে জেহাদী সদস্যৰ প্ৰশিক্ষণৰ ফটো । তলৰ লিংকত উক্ত অনুষ্ঠানৰ ভিডিঅ'টো চাব পাৰে ৷ কিন্তু প্ৰতিদিনৰ দৰে জনপ্ৰিয় কাকত খনে এনে ভুৱা, মনে সঁজা বাতৰিৰে ৰাইজক বিভ্ৰান্ত কৰাৰ অাঁৰত কি আছে সেয়া সহজেই অনুমেয় ৷ এনে হালধীয়া সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ কোনোবা সচেতন লোক অথবা দল-সংগঠন ওলাই আহিবনে? নে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ নামত কাকতখনে অসমত সন্ত্ৰাস চলাই যাব? ধিক্কাৰ দিছো তথাকথিত জাতীয়তাবাদী কাকত গোষ্ঠীৰ মানসিকতাক ৷ 

যুগল চন্দ্ৰ দাস :
"অসমীয়া প্ৰতিদিন" কাকতখনক অসমীয়া ৰাইজে বৰ্জন কৰা উচিত কিয়নো এইখন কাকত বনিয়া গোষ্ঠীৰ হাতত অগপৰ নিচিনা বিক্ৰী হৈ গৈছে ৷ এইখন কাকতে 99% মিছা খবৰেৰে অসমীয়া ৰাইজক ঠগি আছে আৰু অসমৰ সাতামপুৰুষীয়া মিলনৰ মাজত বিশৃংখলতা আনিব বিচাৰিছে৷ "অসমীয়া প্ৰতিদিন কাকত" মুৰ্দাবাদ৷
 


 

 

 

No comments:

Post a Comment

SPONSORED