মুলসুতিৰ অসমীয়া মানুহৰ মগজু চাফাই অভিযান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 29, 2016

মুলসুতিৰ অসমীয়া মানুহৰ মগজু চাফাই অভিযান

হিন্দু বাংলাদেশী শৰণাৰ্থীক অসমত সংস্হাপন কৰিবলৈ বিভিন্ন প্ৰকাৰে মুলসুতিৰ অসমীয়া মানুহৰ মগজু চাফাই অভিযান আৰম্ভ কৰিছে অতি চালাকিৰে অসমত আগৰে পৰা বসবাস কৰি কৰা শৰণাৰ্থীৰ সাংগোপাংগো সকলে । তাৰে কেইটিমান কু-কৌশলৰ ভিতৰত এটা হ'ল ---------

☞ অসমক ইছলামিক ৰাষ্ট্ৰ বনোৱা :
সিহঁতৰ যুক্তি অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি ক্ষিপ্ৰ । গতিকে অতি সোনকালেই অসমত মুছলমানসকল সংখ্যাগৰিষ্ঠ হ'ব আৰু অসমক ইছলামিক ৰাষ্ট্ৰ বনাই পেলাব । বন্ধুসকল অসমখন সাৰ্বভৌমত্ব থকা ৰাষ্ট্ৰ নে ভাৰতৰ অংগৰাজ্য ??? ৰাজ্য এটাক স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা যদি ইমানেই সহজ হ'লহেতেন তেতিয়াহ'লে আলফাই বিগত প্ৰায় চল্লিচ বছৰে অসমক স্বাধীন কৰিব পৰা নাই কিয় ?? আলফাৰতো জনবল জনমত কোনোটোৰে অভাৱ নাছিল । এতিয়া আহো মুল প্ৰসংগলৈ মুছলমানে অসমক ইছলামিক ৰাষ্ট্ৰ বনাব । কেনেকৈ বনাব ?? কোনে বনাব ??
যি সম্প্ৰদায়ৰ এতিয়াও ৮০% ৰ ওপৰত মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে , মৌলিক প্ৰয়োজন অন্ন, বস্ত্র , বাসস্থানৰ বাবে জীৱন সংগ্ৰাম কৰিব লগা হৈ আছে , মানুহৰ লেই লেই চেই চেই সহ্য কৰি এমুঠি খাদ্যৰ বাবে বিভিন্ন ঠায়ে ঠায়ে মানুহৰ ঘৰৰ চোতালে চোতালে ঘুৰিব লগা হৈছে সেইসকলে ?? কথাতে কয় পেটত ভাত নাথাকিলে প্ৰেমো দৰজাৰে সোমাই খিৰিকীৰে উলাই যায় । যি সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যক মানুহে মৌলিক প্ৰয়োজন পুৰাবৰ বাবে জীৱন সংগ্ৰাম কৰিব লগা হৈ আছে তেনে মানুহে যৌগিক প্ৰয়োজনৰ ভিতৰতো নপৰা স্বাধীন ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ পৰিকল্পনা কৰিব পাৰেনে ?? সজাগ হওঁক অসমৰ হিত চিন্তাকাৰী বন্ধুসকল ।
সঁচা কথা বংগমুলীও মুছলমান সমাজত জনবিস্ফোৰণ অবাধে হৈ আছে । যিয়ে অসমৰ আৰ্থ-সামাজিক দিশত গভীৰ প্ৰভাৱ পেলাইছে আৰু অদুৰ ভৱিষ্যতে ইয়াৰ প্ৰভাৱ আৰু ভয়ংকৰ হোৱাৰ সম্ভাৱনা প্ৰৱল । ইয়াক আমি প্ৰতিৰোধ কৰিব কৰিব লাগিব । আগতে আমি চাব লাগিব এই সমস্যাৰ মুল কাৰণ কি ? ইয়াৰ মুল কাৰণ হ'ল অশিক্ষা । যি মানুহে মৌলিক প্ৰয়োজন মৌলিক প্ৰয়োজন অন্ন, বস্ত্র , বাসস্থানৰ বাবেই জীৱন সংগ্ৰাম কৰিব লগা হৈ আছে , তেনে অৱস্থাত শিক্ষা দীক্ষাৰ চিন্তা কৰাটো সিহঁতৰ বাবে দুৰূহ ব্যাপাৰ । সৰ্বশিক্ষা অভিযান , শিক্ষাৰ অধিকাৰ আইন বলবত হোৱাৰ পিছৰে পৰা লাহে লাহে সিহঁতৰ মাজত শিক্ষাৰ পোহৰ পৰাটো পৰিলক্ষিত হৈ আছে । ভৱিষ্যত সংস্কাৰৰ বাট মুকলি হ'ল বুলি ক'ব পাৰি । যি ঠাইৰ মানুহ আৰ্থিক দিশত সাবলম্ভি হ'ব পাৰিছে তাত জনবিস্ফোৰণ একেবাৰে লোপ পাইছে । বিশেষকৈ গাঁও অঞ্চলৰ পৰা আৰ্থিক সচ্ছলতা লাভ কৰি চহৰত বসবাস কৰিবলৈ আৰম্ভ কৰা এই সম্প্ৰদায়ৰ ৮০ শতাংশ মানুহৰ ঘৰুৱা ভাষাও অসমীয়া হৈ গৈছে ।
সৰুতে বিদ্যালয়ত পঢ়া বীৰবলৰ কাহিনীৰ কথা মনত পৰিছে ---- বীৰবলে ৰজাই অঁকা ৰেখাটো সৰু কৰিবলৈ গৈ ওচৰত ডাঙৰ ৰেখা এটা আকি দিছিল । আজি চৰকাৰে বীৰবলৰ নিচিনা মুছলমানক সংখ্যালঘু বনাই ৰাখিবলৈ বাংলাদেশৰ পৰা হিন্দু ধৰ্মাৱলম্বী মানুহ আমদানী কৰি আছে দীঘলকৈ ৰেখা অঁকাৰ নিচিনা । মুছলমান সদায় সংখ্যালঘু হৈ থাকিবলৈ প্ৰস্তুত তাৰ বাবে চৰকাৰে ধ্বংসাত্মক নহয় গঠনাত্মক কাৰ্যব্যবস্হা গ্ৰহণ কৰক । চৰকাৰে আক্ৰোশমুলক নীতিৰে নহয় গঠনমুলক নীতিৰে এই বিশেষ সম্প্ৰদায়ৰ জনবিস্ফোৰণ ৰোধ কৰাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰক লক্ষ্য ৰাখিব লাগিব যাতে আইনৰ কঠোৰতাই সিহঁতৰ আৰ্থিক দিশত প্ৰভাৱ নপৰে । তেনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা প্ৰৱল হ'ব । চৰকাৰে তেনে কৰিব পাৰিলে সমগ্র অসমৰ লগতে এই বিশেষ সম্প্ৰদায়ৰো মহা উপকাৰ হ'ব ।
Quality is better than quantity :
মোৰ অনুভৱ : জনবিস্ফোৰণ ৰোধ কৰাৰ বাবে চৰকাৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যবিষয়া সকলক বিশেষ দায়িত্ব অৰ্পণ কৰিব লাগে । এটা সন্তান জন্ম লোৱাৰ পিছত সাৱধানবানী দুটা সন্তান হোৱাৰ পিছত সম্পূৰ্ণ বন্ধ হোৱাৰ জনচেতনা জাগ্ৰত কৰিব লাগে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে । প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষক সকলে জনবিস্ফোৰণৰ সম্ভাৱনীয় ক্ষতিসমুহ অভিভাৱক সভা , বিদ্যালয় পৰিচালনা সমিতিৰ সভাৰ জৰিয়তে জনজাগৰণ সৃষ্টি কৰিব পাৰে ।

No comments:

Post a Comment

SPONSORED