বিজেপিত প্ৰাক্তন কংগ্ৰেছী নেতা-মন্ত্ৰীসকলৰেই জয়-জয়কাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 1, 2016

বিজেপিত প্ৰাক্তন কংগ্ৰেছী নেতা-মন্ত্ৰীসকলৰেই জয়-জয়কাৰ

ৰঞ্জিত দাস বিজেপিৰ ৰাজ্যিক সভাপতি

সংবাদ প্ৰহৰী, গুৱাহাটী, ১ নৱেম্বৰ, ২০১৬ : ৰাজ্যৰ বিজেপি সভাপতি কোন সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যদিও অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ কোন হ’ব তাক লৈ কিন্তু ব্যাপক জপ্লনা-কপ্লনা অব্যাহত আছে৷ পশ্চিম গুৱাহাটীৰ বিজেপি বিধায়ক তথা বিজেপিৰ ৰাজ্যিক প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামটো বিধানসভাৰ অধ্যক্ষ পদৰ বাবে চৰ্চিত হ’লেও সিদ্ধাৰ্থ ভট্টাচাৰ্য যে মন্ত্ৰীসভাত অন্তৰ্ভূক্ত সেই সন্দৰ্ভত তেওঁ নিজে আত্মবিশ্বাসত ভৰপূৰ হৈ আছিল আৰু সেয়া সম্প্ৰতি কাৰ্যতঃ হোৱাৰ পথত৷ অৰ্থ বিভাগৰ দায়িত্ব দি তেওঁক স-সন্মানে মন্ত্ৰী সভালৈ অনা হ’ব বুলি ইতিমধ্যেই বিভিন্ন মহলত চৰ্চিত হৈ পৰিছে৷ কাৰণ বৰ্তমান দোৰ্দান্ত প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থক মন্ত্ৰী সভালৈ আনাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে৷ কিয়নো এইগৰাকী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হাত ধৰিয়েই মন্ত্ৰী হিমন্তই বিজেপিত যোগদান কৰিছিল৷ প্ৰথমাৱস্থাৰ পৰাই সিদ্ধাৰ্থ ভট্টাচাৰ্য মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হোৱাৰ বাবে নানাভাবে বিজেপি নেতৃত্বেৰ ওচৰত চাপ সৃষ্টি কৰি আহিছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সিদ্ধাৰ্থক মন্ত্ৰীসভাত অন্তৰ্ভূক্ত নকৰি বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰিব বিচাৰিছিল৷ কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যই বাৰাম্বাৰ আপত্তি কৰি আহিছে৷ মন্ত্ৰীত্বৰ দাবীত ভট্টাচাৰ্যই নিজৰ স্থিতিত আজিও অটল৷ অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ ৰঞ্জিত দাসৰ সৈতে হোৱা এক বাৰ্তালাপত এই প্ৰতিবেদকক এইবুলি জানিবলৈ দিয়ে যে বিজেপি নেতৃত্বৰ অনুৰোধ ৰক্ষা কৰিয়েই তেওঁ অধ্যক্ষ পদ ত্যাগ কৰিবলৈ সাজু হৈছে৷ ৰাজ্যত অলপতে অনুষ্ঠিত হবলগীয়া লোকসভা উপ-নিৰ্বাচনৰ পিছতেই অধ্যক্ষ পদ ত্যাগ কৰিব ৰঞ্জিত দাস৷ কিন্তু এই পদত কাক স্থান দিয়া হ’ব, সেই সম্পৰ্কে কিন্তু তেওঁ অজ্ঞ৷ দলীয় সূত্ৰই জানিবলৈ দিয়া মতে সিদ্ধাৰ্থ ভট্টাচাৰ্যক অধ্যক্ষ পদ গ্ৰহণ নকৰিলে অগপৰ পৰা বিজেপিলৈ যোগ দিয়া বিধায়ক হিতেন গোস্বামী হব পাৰে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ৷ কাৰণ প্ৰাক্তন শক্তিমন্ত্ৰী হিতেন গোস্বামী সংসদীয় ৰাজনীতিত এগৰাকী বিচক্ষণ ব্যক্তিত্বৰ অধিকাৰি৷ সূত্ৰটোৱে লগতে আৰু জানিবলৈ দিয়া মতে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসক ৰাজ্যৰ বিজেপি সভাপতি পদত বহুৱাই পৰৱৰ্তী ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক৷ বৰপেটাত সফল হলে ৰঞ্জিত দাসক কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে৷ অৱশ্যে এই সমগ্ৰ ঘটনাৰ আঁৰত প্ৰবল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে বুলি সূত্ৰটোৱে অভিমত ব্যক্ত কৰে৷ মন কৰিবলগীয়া যে লক্ষীমপুৰ আৰু বৈঠালাংছুৰ উপ-নিৰ্বাচনত প্ৰাৰ্থী বাছনি কৰাৰ ক্ষেত্ৰত কিন্তু হিমন্ত সফল হৈছে৷ ৰাজ্যৰ বিজেপি সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰতো হিমন্তৰ গোপন নক্সা অংকিত কৰা আছে বুলি সূত্ৰটোৱে উল্লেখ কৰে৷ বৰ্তমান গেৰুৱা দলটো বিজেপিৰ কাৰ্যনিৰ্বাহক সভাপতি তথা পুৰণি বিজেপি নেতা শান্তনু ভড়ালীক সম্পূৰ্ণ গুৰুত্বহীন কৰি প্ৰাক্তন কংগ্ৰেছী নেতা-মন্ত্ৰীসকলৰ কথামতেহে চলিছে৷ সেয়ে এক কথাত কবলৈ গ’লে বিজেপিত প্ৰাক্তন কংগ্ৰেছী নেতা-মন্ত্ৰীসকলৰেই জয়-জয়কাৰ আৰু ইয়াৰ বাবেই দলটোত ক্রমাৎ পঞ্জীভূত হৈছে আভ্যন্তৰীণ ক্ষোভ৷

No comments:

Post a Comment

SPONSORED